Saturday 15 September 2012

এটি সতেজ পুৱা.......


ৰাতিপুৱাৰ সতেজ বতাহত মনতোযেন সতেজ হৈ পৰিছে ৷ ৰাতি দি যোৱা বৰষুণ জাকে ধুলিবোৰ ধুৱাই নিলে৷ বতৰতো গোমা,এই যেন এজাক বৰষুণ আহো আহো কৰি আছে৷ মোৰ পিছে গোমা বতৰ বিৰাট ভাল লাগে ৷

আজি বহুত দিনৰ পিছত পুৱা 5:30 ত উঠিলো৷ যোৱা দুইদিন ধৰি প্ৰিয়জনৰ ওচৰত দিন কটাই পুনৰ কৰ্মস্থলীলৈ ঘুৰি যাবৰ বাবে পুৱা উঠিব লগা হল৷ কব নোৱৰাকৈ মুখত হাহি এটা ফুটি উঠিল ৷ যোৱা কেইদিনৰ স্মৃতি বোৰে আমনি দি আছে৷ সচাই প্ৰেম এক স্বৰ্গীয় অনুভূতি৷

পুৱাই পুৱাই অহাৰ ইচ্ছা নাছিল যদিও উপায় নাই, চাকৰি বুলিলেই চাকৰ৷ আজি জইন কৰিবই লাগিব, সেয়ে পুৱা 5:30 ত শুৱাৰ পৰা উঠি 6:30 ত খানাপাৰাত বাছৰ বাবে বোন্দাপৰ দি ৰৈ আছো৷ মই পিছে বাছত কৈ উইংগাৰৰ দৰে দ্ৰুত গামী সৰু গাড়ীত ভ্ৰমন কৰাতো ভাল পাওঁ সময় কম লাগে ৷ আজিকালি সকলোৰে সময়ৰ নাটনি৷ ধন খৰচ কৰি সময় কিনি আছো সকলোৱে৷ গতিকে গন্তব্যস্থল সোনকালে পাব লাগে ৷

নগাওঁ অভিমুখী উইংগাৰ খনৰ খিৰিকী ৰ কাষৰ আসন খনত বহি কানত হেডফোন ডাল লগাই ললো৷ Enriqueৰ Hero গানতো বাজি উঠিল৷ মনতো পুনৰ প্ৰিয়জনক কাষ পালেগৈ ৷ খিৰিকীৰে মেঘালয়ৰ মেঘে ধকা পাহাৰ ৰ পৰা এচাতি শীতল বতাহ বৈ আহিল৷ কিবা এটা বুজাব নোৱৰা আবেগে মনত দোলা দিব ধৰিলে ৷

"দাদা ভাৰাতো দিব৷" হঠাৎ গাড়ীৰ কৰ্মচাৰীজনে হেচুকি দিলে৷ কানৰ হেডফোন ডাল গুচাই ভাৰাতো দিলো৷ পাতল বৰষুণ এজাক নামি আহিল ৷ খিৰিকী খন জপাই কানত পুনৰ হেডফোন ডাল গুজি ললো৷

এইবাৰ পাপনৰ "আইলৈ মনতে পৰে" গানতো বাজিল৷ মাৰ মুখ খন চকুৰ আগত ভাহি আহিল ৷ লখিমপুৰৰ ঘৰ খনলৈ নোযোৱাবহুদিন হল ৷ মা,দেউতা,ভন্টী আৰু ভাইটিৰ আশা ভৰা মুখ কেইখন মনত পৰিল৷ ঘৰৰ দায়িত্ব সমুহৰ কথা মনত পৰাত বুকুখন বিষাই গল৷ পজা ঘৰটোৰ ঠাইত এটা পকীঘৰ বনাব লাগে,মা দেউতাক চিকিৎসা কৰাব লাগে, ভন্টীৰ বিয়া খনো বাকী আছে৷ এইবোৰ কথাৰ পৰা আৰু কিমানদিনলৈ পলাই ফুৰিম৷ যিটো চাকৰি কৰো নিজলৈকে নাটে৷ পলায়নবাদী মনোভাৱেৰে চলিলে নহব৷ এইবাৰ এটা ভাল চাকৰি যোগাৰ কৰিবই লাগিব৷ চোৰ ডকাইতি কৰাৰো সাহস নাই ৷ মনতো অস্থিৰ হৈ পৰিল ৷ ঘৰৰ দায়িত্বৰ ওপৰিও নিজৰ বিয়াখনৰো কথা আছে৷

এইবোৰ কথা মনতো বিদ্ৰোহী হৈ পৰিল৷ আজিকালি সচাঁকৈ টকাই ভগৱানৰ ৰূপ লৈছে৷ ঘৰৰ সকলোৰে আশা ভৰসা মই আৰু মোৰ একমাত্ৰ ভৰসা টকা ৷ মোক বহুতো টকা লাগে, বহুতো৷ সৰুতে হিন্দী পুথিত পঢ়া ৰুপীয়া নামৰ কবিতাতো মনত পৰিল৷

কাষৰ মানুহজন নামি যোৱাত অলপ আৰামত ভৰি দুখন মেলি দিলো৷ এনেতে কাষৰ আসন খনত এটা বেগ চকুত পৰিল৷ কাৰ বেগ হব পাৰে বুলি ইফালে সিফালে চালো৷ সকলো নিজকলৈ ব্যস্ত ৷ হয়তো নামি যোৱা যাত্ৰী জনৰ হব বেগতো৷

মনৰ মাজৰ চয়তানতো জাগি উঠিল৷ বেগতো টানি আনি খুলি চালো৷ টকাৰ বান্দিল কেইটামান আৰু কিবাকিবি কাগজ পত্ৰৰে ভৰি আছে বেগতো৷ মোৰ চকু দুটা তিৰবিৰাই উঠিল ৷ আনুমানিক প্ৰায় দুই তিনি লাখ টকা হব লাগে৷ মনত মা দেউতাৰ আৰু প্ৰিয়জনৰ আশা ভৰা মুখ কেইখন ভাহি আহিল ৷ মোক বৰ্তমান টকাৰ বহুত প্ৰয়োজন ৷ সম্পুৰ্ণভাৱে নহলেও অন্তত মোৰ জীৱনতো কিছুপৰিমাণে গত লগোৱাত সহায়ক হব পাৰে এই টকাখিনি৷ বেগকো বন্ধ কৰি মোৰ কোলাত লৈ ললো৷ হেডফোনত 50 cent ৰ "Get rich or die tryin..." গানতো বাজি আছে৷ মনতে পৈশাসিক আনন্দৰে ভৰি পৰিল৷

তই ইমান নীচ কাম কৰিব পাৰ বুলি ভবা নাছিলো..মনৰ ভিতৰৰ পৰা এটা চেপা মাত ভাহি আহিল৷ লাহে লাহে চেপা মাততো ডাঙৰ হৈ আহিব ধৰিলে৷ কান দুখন হেচা মাৰি ধৰিলো৷ মাৰ মুখ খন আকৌ চকুৰ আগত ভাহি আহিল৷ এইবাৰ মাৰ চকুত আশা নাই, আছে মোৰ প্ৰতি ঘৃনা৷ চকুহাল মুদি দিলো৷ মই বিবেক দংশনত ভূগিব ধৰিলো৷ নিজকে সান্তনা দিলো সৎ আৰু অসৎৰ মাজৰ ক্ষীণ ৰেখাডাল কোনোমতে পাৰ কৰিব পাৰিলে আৰু বিবেক নাথাকে৷ মই অভাৱৰ পৰা মুক্ত হবলৈ এটা সুযোগপাইছো আৰু এনে সুযোগ হাতৰ পৰা যাব দিব নোৱাৰি৷ এই বেগতো মোৰ হয় আৰু ইয়াত থকা সকলো টকা মোৰ৷ মই বেগকো জোৰত খামুচি ধৰিলো৷

"হেৰি কি কৰে?
মোৰবেগতোনিজৰ কোলাত লৈ খামুচি ধৰিছে যে৷ ৰাতিৰ নিচা ফটাই নাই নেকি? এই মৰ টোপনি ধৰা মানুহ বোৰে কিয় পুৱাই যাত্ৰা কৰে জানো৷ "

কাষৰ আসনৰ ভদ্ৰলোক জনৰ চিঞৰত জাপ মাৰি উঠিলো৷ সপোনৰ জালত কত কি কৰিলো গমেই নাপালো৷ লাজতে ৰঙা ছিঙা পৰি গলো৷ ধেৎ কিযে কৰিলো৷ গাড়ীৰ আন যাত্ৰী সকলে চিৰিয়াখানা ৰ জন্ত চোৱাৰ দৰে চাৱনিৰে চাব লাগিছে৷ তেখেতলোকক কেনেকৈ বুজাও যে ৰাতি সিবিধ সেৱন কৰা নাই, পুৱাৰ সতেজ বতাহহে খাইছিলো৷ তাকে যেনিবা মোৰ দৰে নিশাচৰ যুবকে হজম কৰিব নোৱৰাত এই লটিঘটী খন হল৷

কানৰ হেডফোনত The crannberries ৰ dreams গানতো বাজি উঠিল৷আধা দেখা সপোনতোমনতে সম্পুৰ্ণ কৰাৰ বাবে চকুহাল মুদি পুনৰ শুই পৰিলো৷

2 comments:

  1. হেঃ হেঃ গ'গৈ.. সপোন জানো? মোৰ কিন্তু লগা নাই... হেঃ হেঃ.. ;)

    ReplyDelete
    Replies
    1. কিছু সপোন কিছু বাস্তৱ এয়েতো জীৱন৷

      Delete