Tuesday 29 October 2013

জীৱন: মোৰ জীৱন গাথাৰ বিমূৰ্ত্ত অনুভৱ



লক্ষ্য হেৰুৱা এই জীৱনশূন্যতাৰ মাজত ওলমি থকা আশা,স্তব্ধ এই পল,থুনুকা মোৰ সপোন ভগাৰশব্দত আলোড়িত মনোজগত,যুঁজত হাৰ মানিব নিবিচৰা মনোবলৰ কঠিন পৰীক্ষা,সকলো থাকিও নথকা এই অনুভৱ,পলে পলে সংগ বিচাৰি নিসংগ হোৱা এই জীৱন,সকলো জানিও নজনাৰ ভাওঁ ধৰা এই অলস জীৱন,এলাহৰ ওজনত নত হোৱা এই জীৱন,সতা ব্যস্ততাৰ মাজতো কৰ্মহীন জীৱন,চৌদিশে হাহাকাৰৰ মাজতো শান্তি বিচৰা মতলবী জীৱন,জিকি জিকি হাৰি যোৱা এই জীৱন,মৃত্যু ভয়ত পলে পলে ভয়ভীত হোৱা এই জীৱন,আশা নিৰাশাৰ মাজত বন্দী এই জীৱন,নিজৰ মাজতে আবদ্ধ এই নি:কিন জীৱন,সদায় নতুনত্ব বিচৰা একঘেয়ামী জীৱন,নিজৰ ভবিষ্যতৰ বলিদান দি আশাহত হোৱাএই জীৱন,ৰিক্ত মোৰ জীৱন,মোৰ জীৱন সুধাৰ সন্জীৱনী আজি নাই,নাই মোৰ সোনালী শৈশৱ,আছে মাথো পদে পদে বাটৰুৱাৰ পদাঘাতত ৰক্তাক্ত হোৱা মোৰ জীৱন,নিবিচৰাকৈ পোৱা বাস্তৱৰ কঠিন হাতোৰাৰ উপয্যুপৰি আঘাতত মষিমুৰ হোৱা মোৰ ধিক্কাৰ জীৱন,হয়তো বহুত শিকিলো, হয়তো বহুত হেৰুৱালো,তথাপিও শিৰনত নকৰা মোৰ মুল্যবোধৰ গধুৰ বোজা কঢ়িয়াই আগুৱাই যোৱা মোৰ আপোচবিহীন জীৱন৷,ক্ষন্তেক জিৰনী লোৱা আৰু এটা চাৰমিনাৰ জ্ৱলোৱা,ধোৱাৰ মাজত দিকবিদিক পাহৰি আকৌ জীৱনৰ কোবাল সোতত নিজক বিচৰাৰ সংগ্ৰামত বিধস্ত মই,আজি বৰ ভাগৰোৱা মই,নিজক চিনাৰ, নিজক জনাৰ,নিজক প্ৰশ্ন কৰাৰ প্ৰচেষ্টাত ভগৰোৱা মই,কিয়নোজীৱনৰ কঠিন প্ৰশ্ন মইকোন ? ৰ মোৰ কোনো উত্তৰ বিহীন মই,যাযাবৰ জীৱনৰ পটভুমিত নাট্যৰত এক ভাৱৰীয়া যেন মই,অন্তমুখী ব্যক্তিত্বৰ যেন পথৰুৱা মই,মৃত্যুমুখী যাত্ৰাত কত যে সহযাত্ৰী, তথাপিও যেন অকলসৰীয়া মই,নিসংগতাৰ বীনা বাই জনসমুদ্ৰত যেন মেলি দিছো মোৰ পালতৰা নাওঁ,হয় এই পাৰ , নহয় সিপাৰ, উৎকন্ঠাহীন মোৰ যাত্ৰা, মোৰ পৰা মোৰ অন্তৰাত্মা লৈ ৷

Wednesday 24 July 2013

বোমাতংক vs বোমানন্দ



যোৱাকালি লখিমপুৰত 2টাকৈ গ্ৰেনেড বিস্ফোৰিত হয় আৰু আন এটা সক্ৰিয় অৱস্থাত আমাৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰ দুৰত অৱস্থিত ভাৰত পেট্ৰলিয়াম তেল ডিপোত উদ্ধাৰ হয় ৷ সন্ধ্যা 8:30 মান বজাত ঘৰতে বহি টিভি চাই আছো ৷ হঠাৎ লাগিল নহয় হাহাকাৰ ৷ লখিমপুৰত ধাৰাবাহিক বোমা বিস্ফোৰন আৰু এটা ঘৰৰ পৰা নাতি দুৰত্বৰ তেলৰ ডিপোত এই ফুটে এই ফুটে অৱস্থাত ৷ ভয়তে বুকু কপি উঠিল ৷ এনেতে ভাইটিয়ে বোলে ব'ল চাই আহো, ডিপোত ফুটিলে ঘৰৰ ভিতৰত থাকিলেও মৰন নিৰ্ঘাত ৷ গলেও মৰিম নগলেও মৰিম, গতিকে গৈ মৰাই ভাল হব, অন্তত যমক হাইলাইট জনাব পাৰিম বুলি ঘৰত থকা অৱস্থাতে ওলায় গ'লো ৷ ঘটনাস্থলত উপস্থিত হৈ দেখো লোকে লোকাৰন্য হৈ আছে ৷ ডেকা গাভৰু বুঢ়া বুঢ়ী কে ধৰি সকলোৱে বোমা চাবলৈ আহিছে ৷ সকলোৰে মনত বিৰাট ফুৰ্তি ৷ দীপাৱলীত যে চকলেট বোমাৰ শলিতা জ্বলাই দলিয়াই দিয়াৰ পাচত এই ফুটিব এই ফুটিব ভাৱ এটা হয় তেনে ভাৱ এটাৰে সকলো ৰাইজ উৎকন্ঠিত হৈ আছে ৷ দুই এজনৰ লগত কথা পাতিলো ৷ সকলোৱে বোমাটোৰ আকাৰ বঢ়াই বঢ়াই গৈ আছে ৷ শেষত গৈ মানুহৰ মুখত গ্ৰেনেডটোৰ যি আকাৰ পালেগৈ যে তাক দলিয়াবলৈ স্বয়ং ৰজনীকান্ত ডাঙৰীয়াইও চিন্তা কৰিব লাগিব ৷ বহুতে কলে ৰঙা ইন্ডিকাত আহি বোমা দিছে বহুতে কলে বগা মাৰুতী ৷ মানুহৰ ভিৰ ফালি অলপ আগুৱাই গৈ দেখিলো বোমাটো বালিৰ বস্তা দি আবৰি ৰাখিছে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দুইখন আৰু আৰক্ষীৰ 10-15 জনীয়া দল এটাই বোমাটোৰ ওচৰত পহৰা দি আছে যাতে কোনো লোক বোমাটোৰ ওচৰ চাপিব নোৱাৰে ৷ সময়ৰ লগে লগে ভিৰ বাঢ়ি গৈ আছে আৰু ৰাইজো বোমাটোৰ কাষ চাপি গৈ আছে ৷ মাজে মাজে আৰক্ষীৰ লোক সকলে অলপ চলাফিৰা কৰিলে ৰাইজে ভয়ত পিছুৱাই যায় যদিও কিছু সময়ৰ পাচতেই পুনৰ নিজৰ নিজৰ স্থান দখল কৰে ৷ কোনে কোনো লোকে হঠাতে ফুটিল ফুটিল বুলি কিৰিলীও পাৰে ৷ কেচুৱা কোছত লৈ অহা এগৰাকী বোৱাৰীয়ে আকৌ কোনোবাই সোধাত উত্তৰ দিছে যে ঘৰৰ সকলো বোমা চাবলৈ আহিছে গতিকে মইও আহিছো, সদায়নো ক'ত বোমা ওলায় ৷ কোনো কোনো ডেকাই আকৌ ফেচবুকত আপলোড দিবৰ বাবে মোবাইলত বোমাৰ ফটো তোলাত ব্যস্ত ৷ ডেকা সকলৰ মাজত কোনে বোমাটোৰ কিমান ওচৰ চাপিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতা চলিছে ৷ কোনোৱে আকৌ ফোনত ব্যস্ত, জান জানানে আমাৰ ইয়াত গ্ৰেনেড পাইছে, মই একেবাৰে স্পটত আছো, লাভ য়ু জান, মই মৰি গলে প্লিজ মন বেয়া নকৰিবা ৷
এনেতে ভূতৰ ওপৰত দানৱ ওলোৱাদি ওলালহি কেমেৰা সহ টিভি সাংবাদিক ৷ লগে লগে পৰিবেশটো যেন কিবা ৰোমান্তিক হৈ গ'ল ৷ সকলোৱে নিজকে এবাৰ তলৰ পৰা ওপৰলৈ চোৱাত ব্যস্তহৈ পৰিল ৷ কিজানি টিভিত লাইভ ওলোৱাৰ সুযোগ পায় ৷ এনে সুযোগ পাইও হেৰুৱা জন গজমুৰ্খ ৷ দুই এজনে কানত ফোনটো লগাই কেমেৰাৰ সন্মুখেৰে দুই তিনি পাক মাৰি আহিল যাতে যদি কেনেবাকৈ টিভিত ওলায় সিফালৰ জনে ফোনতে গুড নিউজটো দিব পাৰে ৷ দুই এজন সচেতন নাগৰিক আকৌ সাংবাদিকৰ পাছে পাছে , কিজানি তেও লোকৰ মন্তব্য বিচাৰে ৷ এই সুযোগতে অচিন সন্ত্ৰাসবাদী কেইজনক ৰাজহুৱা ভাৱে গৰিহনা দিব পৰা যাব বুলি তেওলোকে মনতে ভাষন আওৰাব লাগিছে ৷ দুজন মান ৰঙীন লোকে চাল্লুভাইৰ দৰে উদং দেহাৰে এনে ভংগীমা দেখুওৱাত লাগিছে যেন তেওলোকক দ্বায়িত্ব দিলেই হ'ল, এইমাত্ৰ বোমাটো মোহাৰি গছকি নিষ্ক্ৰিয় কৰি দিব ৷
হঠাতে মানুহৰ ভিৰ আতৰাই আৰক্ষীৰ লোকে এখন থেলাগাড়ী আনি বোমাটো বালিৰ বস্তাৰ হৈতে কিছু সময় যুজঁ বাগৰ দি থেলা খনত উঠালে আৰু বাঁহ দুইডাল থেলাগাড়ীৰ দুয়োকাষে বান্ধি বোমাটো লৈ গুছি গ'ল ৷ লগে লগে সকলে ৰাইজ শোকাকুল হৈ উঠিল ৷ ইমান পৰে চলি থকা এখন উত্তেজনাপুৰ্ন খেল যেন শেষ হ'ল ৷ এই গেলা গৰমত তাতে কাৰেন্ট নাই যি অলপ মনোৰঞ্জনবোমাটোৰ যোগেদি চলি আছিল সিও শেষ হ'ল ৷

ঘৰত আহি দেউতাক সকলো বিৱৰি কোৱাত কলে বোলো বোপা আগৰদিনৰ বোমাতংক আজিকালি নাই এতিয়া হৈছে বোমানন্দৰ যুগ ৷