Saturday 15 September 2012

এটি সতেজ পুৱা.......


ৰাতিপুৱাৰ সতেজ বতাহত মনতোযেন সতেজ হৈ পৰিছে ৷ ৰাতি দি যোৱা বৰষুণ জাকে ধুলিবোৰ ধুৱাই নিলে৷ বতৰতো গোমা,এই যেন এজাক বৰষুণ আহো আহো কৰি আছে৷ মোৰ পিছে গোমা বতৰ বিৰাট ভাল লাগে ৷

আজি বহুত দিনৰ পিছত পুৱা 5:30 ত উঠিলো৷ যোৱা দুইদিন ধৰি প্ৰিয়জনৰ ওচৰত দিন কটাই পুনৰ কৰ্মস্থলীলৈ ঘুৰি যাবৰ বাবে পুৱা উঠিব লগা হল৷ কব নোৱৰাকৈ মুখত হাহি এটা ফুটি উঠিল ৷ যোৱা কেইদিনৰ স্মৃতি বোৰে আমনি দি আছে৷ সচাই প্ৰেম এক স্বৰ্গীয় অনুভূতি৷

পুৱাই পুৱাই অহাৰ ইচ্ছা নাছিল যদিও উপায় নাই, চাকৰি বুলিলেই চাকৰ৷ আজি জইন কৰিবই লাগিব, সেয়ে পুৱা 5:30 ত শুৱাৰ পৰা উঠি 6:30 ত খানাপাৰাত বাছৰ বাবে বোন্দাপৰ দি ৰৈ আছো৷ মই পিছে বাছত কৈ উইংগাৰৰ দৰে দ্ৰুত গামী সৰু গাড়ীত ভ্ৰমন কৰাতো ভাল পাওঁ সময় কম লাগে ৷ আজিকালি সকলোৰে সময়ৰ নাটনি৷ ধন খৰচ কৰি সময় কিনি আছো সকলোৱে৷ গতিকে গন্তব্যস্থল সোনকালে পাব লাগে ৷

নগাওঁ অভিমুখী উইংগাৰ খনৰ খিৰিকী ৰ কাষৰ আসন খনত বহি কানত হেডফোন ডাল লগাই ললো৷ Enriqueৰ Hero গানতো বাজি উঠিল৷ মনতো পুনৰ প্ৰিয়জনক কাষ পালেগৈ ৷ খিৰিকীৰে মেঘালয়ৰ মেঘে ধকা পাহাৰ ৰ পৰা এচাতি শীতল বতাহ বৈ আহিল৷ কিবা এটা বুজাব নোৱৰা আবেগে মনত দোলা দিব ধৰিলে ৷

"দাদা ভাৰাতো দিব৷" হঠাৎ গাড়ীৰ কৰ্মচাৰীজনে হেচুকি দিলে৷ কানৰ হেডফোন ডাল গুচাই ভাৰাতো দিলো৷ পাতল বৰষুণ এজাক নামি আহিল ৷ খিৰিকী খন জপাই কানত পুনৰ হেডফোন ডাল গুজি ললো৷

এইবাৰ পাপনৰ "আইলৈ মনতে পৰে" গানতো বাজিল৷ মাৰ মুখ খন চকুৰ আগত ভাহি আহিল ৷ লখিমপুৰৰ ঘৰ খনলৈ নোযোৱাবহুদিন হল ৷ মা,দেউতা,ভন্টী আৰু ভাইটিৰ আশা ভৰা মুখ কেইখন মনত পৰিল৷ ঘৰৰ দায়িত্ব সমুহৰ কথা মনত পৰাত বুকুখন বিষাই গল৷ পজা ঘৰটোৰ ঠাইত এটা পকীঘৰ বনাব লাগে,মা দেউতাক চিকিৎসা কৰাব লাগে, ভন্টীৰ বিয়া খনো বাকী আছে৷ এইবোৰ কথাৰ পৰা আৰু কিমানদিনলৈ পলাই ফুৰিম৷ যিটো চাকৰি কৰো নিজলৈকে নাটে৷ পলায়নবাদী মনোভাৱেৰে চলিলে নহব৷ এইবাৰ এটা ভাল চাকৰি যোগাৰ কৰিবই লাগিব৷ চোৰ ডকাইতি কৰাৰো সাহস নাই ৷ মনতো অস্থিৰ হৈ পৰিল ৷ ঘৰৰ দায়িত্বৰ ওপৰিও নিজৰ বিয়াখনৰো কথা আছে৷

এইবোৰ কথা মনতো বিদ্ৰোহী হৈ পৰিল৷ আজিকালি সচাঁকৈ টকাই ভগৱানৰ ৰূপ লৈছে৷ ঘৰৰ সকলোৰে আশা ভৰসা মই আৰু মোৰ একমাত্ৰ ভৰসা টকা ৷ মোক বহুতো টকা লাগে, বহুতো৷ সৰুতে হিন্দী পুথিত পঢ়া ৰুপীয়া নামৰ কবিতাতো মনত পৰিল৷

কাষৰ মানুহজন নামি যোৱাত অলপ আৰামত ভৰি দুখন মেলি দিলো৷ এনেতে কাষৰ আসন খনত এটা বেগ চকুত পৰিল৷ কাৰ বেগ হব পাৰে বুলি ইফালে সিফালে চালো৷ সকলো নিজকলৈ ব্যস্ত ৷ হয়তো নামি যোৱা যাত্ৰী জনৰ হব বেগতো৷

মনৰ মাজৰ চয়তানতো জাগি উঠিল৷ বেগতো টানি আনি খুলি চালো৷ টকাৰ বান্দিল কেইটামান আৰু কিবাকিবি কাগজ পত্ৰৰে ভৰি আছে বেগতো৷ মোৰ চকু দুটা তিৰবিৰাই উঠিল ৷ আনুমানিক প্ৰায় দুই তিনি লাখ টকা হব লাগে৷ মনত মা দেউতাৰ আৰু প্ৰিয়জনৰ আশা ভৰা মুখ কেইখন ভাহি আহিল ৷ মোক বৰ্তমান টকাৰ বহুত প্ৰয়োজন ৷ সম্পুৰ্ণভাৱে নহলেও অন্তত মোৰ জীৱনতো কিছুপৰিমাণে গত লগোৱাত সহায়ক হব পাৰে এই টকাখিনি৷ বেগকো বন্ধ কৰি মোৰ কোলাত লৈ ললো৷ হেডফোনত 50 cent ৰ "Get rich or die tryin..." গানতো বাজি আছে৷ মনতে পৈশাসিক আনন্দৰে ভৰি পৰিল৷

তই ইমান নীচ কাম কৰিব পাৰ বুলি ভবা নাছিলো..মনৰ ভিতৰৰ পৰা এটা চেপা মাত ভাহি আহিল৷ লাহে লাহে চেপা মাততো ডাঙৰ হৈ আহিব ধৰিলে৷ কান দুখন হেচা মাৰি ধৰিলো৷ মাৰ মুখ খন আকৌ চকুৰ আগত ভাহি আহিল৷ এইবাৰ মাৰ চকুত আশা নাই, আছে মোৰ প্ৰতি ঘৃনা৷ চকুহাল মুদি দিলো৷ মই বিবেক দংশনত ভূগিব ধৰিলো৷ নিজকে সান্তনা দিলো সৎ আৰু অসৎৰ মাজৰ ক্ষীণ ৰেখাডাল কোনোমতে পাৰ কৰিব পাৰিলে আৰু বিবেক নাথাকে৷ মই অভাৱৰ পৰা মুক্ত হবলৈ এটা সুযোগপাইছো আৰু এনে সুযোগ হাতৰ পৰা যাব দিব নোৱাৰি৷ এই বেগতো মোৰ হয় আৰু ইয়াত থকা সকলো টকা মোৰ৷ মই বেগকো জোৰত খামুচি ধৰিলো৷

"হেৰি কি কৰে?
মোৰবেগতোনিজৰ কোলাত লৈ খামুচি ধৰিছে যে৷ ৰাতিৰ নিচা ফটাই নাই নেকি? এই মৰ টোপনি ধৰা মানুহ বোৰে কিয় পুৱাই যাত্ৰা কৰে জানো৷ "

কাষৰ আসনৰ ভদ্ৰলোক জনৰ চিঞৰত জাপ মাৰি উঠিলো৷ সপোনৰ জালত কত কি কৰিলো গমেই নাপালো৷ লাজতে ৰঙা ছিঙা পৰি গলো৷ ধেৎ কিযে কৰিলো৷ গাড়ীৰ আন যাত্ৰী সকলে চিৰিয়াখানা ৰ জন্ত চোৱাৰ দৰে চাৱনিৰে চাব লাগিছে৷ তেখেতলোকক কেনেকৈ বুজাও যে ৰাতি সিবিধ সেৱন কৰা নাই, পুৱাৰ সতেজ বতাহহে খাইছিলো৷ তাকে যেনিবা মোৰ দৰে নিশাচৰ যুবকে হজম কৰিব নোৱৰাত এই লটিঘটী খন হল৷

কানৰ হেডফোনত The crannberries ৰ dreams গানতো বাজি উঠিল৷আধা দেখা সপোনতোমনতে সম্পুৰ্ণ কৰাৰ বাবে চকুহাল মুদি পুনৰ শুই পৰিলো৷

Friday 7 September 2012

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ৷

লখিমপুৰ সাহিত্য সভা অধিবেশনৰ সময়ৰ কথা ৷ গা একেবাৰে সাত খন আঠ খন ৷ ঘৰৰ ওচৰতে অধিবেশন যেতিয়া কোনে পাই আৰু ! আগতে কেতিয়াও সাহিত্য সভা দ্ৰশনৰ সৌভাগ্য হোৱানাছিল যদিও জেষ্ঠ্য জনৰ মুখত আৰু বাতৰি কাকতৰ যোগেদি অলপমান ধাৰনা এটা মনত আছিল ৷

ঘৰত এমাহ আগতেই কৈ থৈছো এইবাৰ কিন্তু কিতাপ কিনাৰ বাবে অলপ সৰহ কৈ পইছা লাগিব ৷ নিজে বাছি বাছি কিতাপ কিনিম ৷

মোৰ লগতে সকলো লখিমপুৰীয়া ৰাইজে অধিৰ আগ্ৰহেৰে সভালৈ অপেক্ষা কৰি আছো ৷ লগৰ টিকু সতে আকৌ সভাথলীত তামোল পানৰ দোকান দিব লগতে কেচা বুটৰ চানাও থাকিব বোলে ৷ কনমইনা সতে ঘৰৰ চোতালত চাইকেল ৰখাৰ ব্যৱস্থা কৰাৰ কথাও ভাবিছে ৷

সভালৈ বেছি দিন নাছিল হঠাৎ গম পালো এই বাৰ সভা বোলে দুই স্থানত অনুস্থিত হব ৷ সাহিত্য সভাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এনে হব বোলে ৷ সকলোৰে মুখত এটাই কথা এই ৰাজনীতি বিদ সকলে লখিমপুৰৰ নাম বদনাম কৰিলে ৷ মই এই বোৰ একো বুজা নাছিলো যদিও মনতো বেয়া লাগিছিল৷ ছেঃ দুটা থলীত সভা অনুস্থিত হলে কত কি চাম ??

চাইকেল খন কিন্তু মোক লাগিব, নহলে সভাৰ এটা থলীৰ পৰা অন্য থলীলৈ খোজকাঢ়ি অহাযোৱা কৰিব অসুবিধা হব বুলি দেউতাক কলো৷দেউতাই বোলে হব দে, সভালৈ আৰু অলপদিন আছে নহয়, এই কেইদিন অলপ পঢ়ি ল৷ পাছত কত পঢ়িবি ৷ এই দেউতাও যে সকলো সময়ত কেৱল পঢ়াৰ কথা ৷
চাওতে চাওতে অধিবেশন আহি পালেহি৷ প্ৰথম দিনা পুৱাই নাকে মুখে ভাত মুঠি সোমুৱাই শোভাযাত্ৰা চাবলৈ চাইকেল লৈ ওলালো ৷ কি বিশাল শোভাযাত্ৰা আৰু জনসমুদ্ৰ ৷ অভিভূত হৈ পৰিলো ৷ এনেতে দুৰ সম্পৰ্কীয় দাদা এজনক লগ পালো ৷ দাদাৰ আকৌ কিতাপৰ বিৰাট পোক ৷

তোৰ চাইকেল খন আছে যেতিয়া ভালেই হল, ব'ল গ্ৰন্থমেলাৰ পৰা আহো গৈ বুলি দাদায়ে মোক আনটো থলী লৈ লগ ধৰিলে ৷ মনতে ভালেই পালো ৷ দাদা আছে যদি ভাল কিতাপ কেইখনমান কিনা হব ৷

মানুহৰ ভিৰৰ মাজত মোক পাছৰ কেৰিয়াৰত বহোৱাই লৈ দাদায়ে তিনি কিল'মিটাৰ মান দুৰত হোৱাআনটো থলীলৈ চাইকেল মৰা আৰম্ভ কৰিলে ৷ কিছুদুৰত যোৱাৰ পাছত হঠাৎ এগৰাকী মহিলা দুয়োহাতে দুটা কিতাপৰ বৃহৎ মোনালৈ চাইকেলৰ আগত ওলাল আৰু কোনোমতে ব্ৰেক মাৰি দাদায়ে চাইকেল খন ৰখালে যদিও মহিলা গৰাকীৰ হাতত লাহেকৈ এটা খুন্দা লাগিল ৷

বেয়া নাপাব বাইদেউ এই ভিৰত হঠাৎ আগত ওলালে বাবে লাহেকৈ খুন্দা লাগিল বুলি দাদায়ে মহিলা গৰাকীক ক্ষমা প্ৰাথনা জনালে৷ লগে লগে ভদ্ৰ মহিলাই গোসানীৰ ৰুপ ললে আৰু চিঞৰিব চিঞৰিব গালি দিব ধৰিলে ৷ চিঞৰ বাখৰ শুনি দুই চাৰি জন লোক আগবাঢ়ি আহিল ৷ মনতে ভাবিলো আজি পাব্লিক ধুলাই এটা খালো অাৰু ৷ ইমানতে যেনিবা ওচৰতে দোকান দি থকা টিকুৰ দেউতাকে কথাতো গম পাই সকলোকে বুজালে আৰু মহিলা গৰাকীকো ক্ষান্ত কৰালে ৷ ৰক্ষা প্ৰভূ কোনোমতে আজিলৈ বাচিলো ৷

দাদায়ে ভিজা মেকুৰীৰ দৰে তল মুৰ কৰি চাইকেল খন ঠেলি ঠেলি গ্ৰন্থমেলাৰ ফালে বাট ললে, পাছে পাছে ময়ো বাট ললো ৷ অলপদুৰ যোৱাৰ পাছত লক্ষ্য কৰো যে দাদাৰ চকু চলচলীয়া ৷ থুকা থুকি মাতেৰে দাদাই কব ধৰিলে, এই যে তথাকথিত ভদ্ৰ মহিলা গৰাকী তেখেত উচ্চ শিক্ষিত, হাতত কিতাপৰ মেটমৰা সম্ভাৰ কিন্তু তেখেতৰ জ্ঞান দেখিছ ৷ তেওঁ কিতাপ নপঢ়ে কেৱল ঘৰত সজাই থোৱাৰ চখ ৷ নহলে তেওঁ এনে অভদ্ৰতা নকৰিলে হয় ৷ আমাক এনে ব্যৱহাৰ কৰাৰ আগত পৰিস্থিতিতো বুজিলে হয় ৷

মইনো কি বুলি দাদাক সান্তনা দিও ভাবি পোৱা নাছিলো ৷ কেৱল চকুৰ আগত সাপ্তাহিক বজাৰৰ বাচ খনত লিখি থোৱা এষাৰি বাক্য জিলিকি আছিল৷

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ৷

Saturday 1 September 2012

নানা পাটেকাৰৰ এটি সংলাপ আৰু কিছু বিক্ষিপ্ত চিন্তা

বহুত দিনৰ আগতে নানা পাটেকাৰৰ এখন ছবি চাইছিলো৷ প্ৰহাৰ নামৰ ছবি খনত অভিনয় ৰ লগত পৰিচালনাও তেখেতৰেই আছিল ৷ আজি হঠাতে ছবি খনৰ এটা সুন্দৰ সংলাপ মনত পৰি গল ৷ ছবি শেষৰ ফালে ন্যায়লয়ৰ কাঠগড়াৰ পৰা নানা পাটেকাৰৰ উদাত্ত কন্ঠত সংলাপ " বিনামুল্যত পোৱা স্ৱাধীনতাৰ বাবে বহুতেই স্ৱাধীনতাৰ প্ৰকৃত অৰ্থ বুজি নোপোৱা হৈছে " ৷ সংলাপৰ শেষত দৰ্শকৰ সুহুৰি আৰু হাতচাপৰি ৷

সচাকৈ কি সুন্দৰ সংলাপ ৷ হাজাৰ মুক্তিযোদ্ধাৰ তেজেৰে লিখা এই স্ৱাধীনতাৰ আজি মুল্য কিমান ?
গান্ধীজীৰ এই সংগ্ৰামত কি অৱদান তাক নকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই ৷ কিন্ত গান্ধীজীক লৈ আমাৰ ঠাট্টা মস্কৰাৰঅন্ত নাই ৷ বহুতে দেশ বিভাজনৰ আৰু বৰ্তমান দেশৰ দুৰৱস্থাৰ মুল দোষী গান্ধীজী বুলিও কয় ৷ আচলতে সম্যক জ্ঞান নথকা লোক সকলেহে এনে টুলুঙা মন্তৱ্য কৰে ৷ কিছুমানে আকৌ তেখেতৰ নামৰ ৰাজনীতি কৰি ৰাজপাট খাই আছে ৷

যি কি নহওঁক মুল কথাতো হৈছে কলা ধন আৰু জন্মস্বতে লাভ কৰা স্ৱাধীনতাৰ অপব্যৱহাৰ কৰা লোক সকলক চাগে সকলো সচেতন লোকে লক্ষ্য কৰিছে ৷

আনহাতে গনতন্ত্ৰৰ অপব্যৱহাৰ কৰিবলৈ পাবত গজা দল সংগঠন সমুহতো আছেই ৷ যাৰ মন গৈছে
সিয়েই যিকোনো বিষয়ক লৈ অহৈতুক বিতৰ্ক, ধৰ্না, বন্ধ, অনশন কৰিছে আৰু নিজৰ অস্তিত্ব যাহিৰ কৰিছে ৷
মোৰ এজন বন্ধুৱে কৈছিল আমি ভাৰতীয় বোৰ হেনো বৰ ভাল অনুগামী ৷ নিজৰ বিবেক বুদ্ধিৰে বিচাৰ কৰাত কৈ বেলেগক অনুসৰণ কৰি ভাল পাও ৷ সেয়ে আমাৰ নেতা পালি নেতাৰ অভাৱ নাই ৷ গনতন্ত্ৰৰ দোহাই দি যাৰ যি মন যায় তাকেই কৰাৰ ফলত এক বিশৃংখলতা ৰ সৃষ্টি হৈছে , অৰাজকতা ৰ সৃষ্টি হৈছে ৷

এই সকলো সমস্যাৰ এক সহজ সৰল উদাহৰনো কিন্তু প্ৰহাৰ ছবি খনৰেই আন এটা সংলাপৰ যোগেদি নানা পাটেকাৰে দিছে৷ সকলো ভাৰতীয়ৰ বোলে দুই চাৰি বছৰৰ বাবে সেনা বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰিব লাগে বুলি কৈছে নানা পাটেকাৰে৷ কথাটো পিছে নোহোৱা নহয়৷ সেনাৰ নিয়মানুবর্তিতঅনুশাসনত দুই চাৰি বছৰ কটোৱাৰ পিছত সকলোৱে মোৰ বোধেৰে শৃংখলাবদ্ধ ভাবে জীৱন কটাব আৰু ল্ৱাধীনতাৰ মুল্য অলপ ললেও বুজিব৷

দেশ খন যি দিশত আগবাঢ়ি আছে কেতিয়াবা এনে লাগে যেন ভবিষ্যতে ধনী আৰু দুখীয়াৰ মাজত ভাৰত খন স্পষ্ট ভাবে বিভাজিত হৈ পৰিব ৷ আমাৰ দৰে মধ্যবিও নাথাকিবই চাগে ৷ থিক হলীউডৰ বহু ছবিত দেখুওৱাৰ দৰে এক ধনী বিলাসী জগত আৰু এক দুখীয়া অপৰাধৰ কলা জগত আৰু এই দুই পক্ষৰ মাজত অস্তিত্বৰ যুজ৷

কেতিয়বা এজন সাম্যবাদী বন্ধুৰ কিছুমান কথাও মনত পৰে৷ তেওৰ মতে সাম্যবাদে ব্যক্তি স্ৱাধীনতাত অলপ বেয়া প্ৰভাৱ পেলাব যদিও দেশ আৰু দহৰ ভালৰ বাবে এই কন ত্যাগ কৰিবই লাগিব৷
উদাহৰন স্বৰুপে বন্ধুৱে কয় যে চা স্কুলত থাকোতে কিমান শাসনত আছিলি, ব্যক্তি স্ৱাধীনতা নাছিল কিন্তু কলেজত পাই কি হল ক্লাছ নকৰি চিনেমা চাব ললি ৷

দেশৰ আৰু দহৰ কাৰনে ত্যাগ কৰাতো মহান তেন্তে আমি সকলোৱে মিলি এটা সুন্দৰ ভবিষ্যতৰ বাবে অলপ ত্যাগ কৰিব নোৱাৰিম নে????;
এজনে মাছে মঙহে আৱা আথানি কৰি খাব আৰু দহ জনে লঘোনে শুব ই কেনে কথা? ???

বহুতৰ মতে মই সাম্যবাদক সমৰ্থন কৰোকাৰন মই মধ্যবিও , ধনী হোৱা হলে ধন তন্ত্ৰক সমৰ্থন কৰিলো হয় ৷ এই কথাষাৰৰ সত্যতা ধনী হলেহে গম পাম !!!

কিন্তু ভাৰতৰ দৰে এখন ভৌগলিক আৰু জৈৱ বিচিত্ৰ দেশত জানো ই প্ৰযোজ্য হব??????

যিয়েই হওক আমাক ফিডেল কেষ্ট্ৰোৰ দৰে এজন নেতা লাগে বাকী পিছত দেখা যাব ৷