Thursday 30 August 2012

The Corrupted Common Men

ৰাতিপুৱা টিভিত খুলিলে বা পেপাৰ খন মেলিলে কোটি কোটি টকাৰ দুৰ্নীতিৰ খবৰ পোৱাটো এটা সাধাৰণ কথাত পৰিনত হৈছে ৷ কিন্তু কেতিয়াবা ভাবিছে নে যে এই দুৰ্নীতি কেনেকৈ সাধাৰণ ৰাইজৰ মাজত শিপাইছে?????

প্ৰথমে ৰাজনীতীবিদ তাৰপিছত চৰকাৰী চাকৰীয়াল সকল আৰু এতিয়া সৰ্ব সাধাৰন ৰাইজো দুৰনীতিগ্ৰস্ত হল৷
( বি•দ্ৰ• যিসকল চৰকাৰী চাকৰীয়াল নিকা আছিল তেওঁলোকো মুল্যবূদ্ধিৰ প্ৰকোপত আৰু ঘৈনীৰ আব্দাৰত অতি সোনকালেই দুৰনীতিগ্ৰস্ত হোৱাতো খাতাং)৷

আচলতে ৰাইজৰ মাজত দুৰনীতিৰ বিস্তাৰ প্ৰধান ভুমিকা চৰকাৰৰ ৷ চৰকাৰ খন নিজেই টো দুৰনীতিত পোতাখাই আছে এতিয়া ৰাইজকো অলপ সোৱাদ দি পৰাচিত হব বিচাৰিছে ৷

চৰকাৰৰ এই মহৎ উদেশ্য (!) সাধনৰ আহিলা হৈছে ৰাইজৰ বাবে প্ৰস্তুত কৰা হাজাৰ হাজাৰ আচনি সমুহ৷ এই আচনি সমুহৰ যদিও প্ৰকৃত উদেশ্য সফল হোৱা নাই তথাপি ইয়াৰ যোগেদি চৰকাৰৰ উদেশ্য কিন্তু সফল হৈছে৷ ( যি দুই চাৰি খন আচনিৰ যোগেদি এক দুই হাজাৰ ৰাইজ উপকৃত হৈছে , তাক এই লেখাত ধৰা হোৱা নাই)৷

আপোনাৰ বাবে ঈন্দিৰা আবাস যোজনাৰ ঘৰ, অন্নপুৰ্না আচনিৰ চাউল,ৰাজীৱ গান্ধী যোজনাৰ বিদ্যুত আদিক ধৰি কত সুবিধা লগত আপোনাৰ বেকাৰ লৰাটোৰ বাবে যুব কংগ্ৰেছ আছেই৷ ইয়াৰ ওপৰিও NREGA ৰ মাহিলী হাত খৰচ ৷ বিনিময়ত পন্ছায়তৰ দালালক কিছু আপ্যায়ন আৰু নিৰ্বাচনত আপোনাৰ বহুমূলীয়া ভোটটো হাতৰ চিনত দিলেই হল৷

পাচ বছৰ ধৰি ইমান সুবিধা আৰু পাচ বছৰৰ মুৰত নিৰ্বাচনৰ আগে আগে কম্বল, আঠুৱা আৰু ৰঙীন পানীয়ৰ বটলটো পোৱাটো নিশ্চিত ৷ গতিকে কোন গজমুৰখে চৰকাৰৰ দুৰনীতিৰ হিচাপ ৰাখে ৷ আগৰ চৰকাৰে অকলে খাই হজম কৰিছিল এতিয়াৰ চৰকাৰে আমাকো ভাগ দিছে৷ গতিকে মিলিজুলি খোৱাতো হে বুদ্ধিমানৰ পৰিচয়৷

গতিকে পন্ছায়তী ব্যৱস্থাই জন্ম দিয়া দালাল তন্ত্ৰৰ যোগেদি দুৰনীতি বৰ্তমান ৰাইজৰ হাড়ে হিমজুৱে শিপাই পৰিছে ৷

এটা ৰাজহুৱা বিত্তীয় প্ৰতিস্থানৰ কৰ্মচাৰী হোৱা হেতুকে দৈনিক নানা প্ৰকাৰৰ ৰাইজৰ দ্বাৰা সংঘতিত দুৰনীতি চকুত পৰে৷ মুখ্যতঃ ভুৱা জব কাৰ্ড হিতাধীকাৰিৰ দুৰনীতি বেছি যদিও বাকী বহোদুৰনীতিও ৰাইজে কৰা দেখা যায়৷ ঘৰত গৰুৰ নাম গোন্ধ নাই অথচ টকা পাচশ কৃষি বিষয়াক ঘোচদিলেই পাচ হাজাৰ টকাৰ দুগ্ধ উন্নয়নৰ চেক পোৱা যায়৷ নিজৰেই পৰিয়ালৰ লোক মিলি আত্ম সহায়ক গোটৰ নামত িবভিন্নআচনিৰ ৰাজ সাহায্য আত্মহাত কৰাটো আছেই ৷ আৰু কত কি চৰকাৰী আচনিৰ নামত চৰকাৰী ধন চৰকাৰ আৰু ৰাইজ সমানে মিলি খোৱাত লাগিছে তাৰ হিচাপ কোনে ৰাখিছে? ????

গতিকে চৰকাৰী দুৰনীতি বিৰুদ্ধে মাত মাতি লঘোনে শুৱাত কৈ মনে মনে চৰকাৰৰ লগত দুৰনীতিত লিপ্তহৈমাছে মঙহে খাই নাক বজায় শুৱাই ভাল জাতীয় ভাব ৰাইজৰ মাজত শিপোৱাতো কোনো আচৰিত কথা নহয় বুলি এতিয়া নিশ্চয় বুজিব পাৰিছে৷

অনুগ্ৰহ কৰি ভাবি চাওক চোন প্ৰতক্ষ্যভাৱে নহলেও পৰোক্ষভাৱেআমিও দুৰনীতিত লিপ্ত নহয়তো?????



2 comments:

  1. খুলি খুলি খাইছে অসমীয়া মানুহক পইচাই। তুমি লিখা কথাখিনি আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যা - মানুহে কাম কম কৰে, দালালি বেছি। আৰু ইয়াৰপৰাই আৰম্ভ হয় এলাহৰ.. ধ্বংসমুখী জাতি এটা, কোনো ৰাস্তা নাই বাচিবৰ। মই ভবা চিন্তা কৰা বাদেই দিছোঁ আৰু..

    আৰু আশা কৰিম।

    ReplyDelete
  2. চৰকাৰী চাকৰীয়ালক যেন দৰমহা দিয়ে চৰকাৰে কেৱল অফিচত হহি খাকিবলৈহে । মহাত্মা গান্ধী নেদেখালৈকে টেবুলৰ ফাইল লৰচৰ নহয় । আপোনাৰ কথাখনি গ্ৰহন যোগ্য ।

    ReplyDelete